Posts

অসমীয়া সাজপাৰ

সভ্যতা-সংস্কৃতিৰ অন্যতম নির্দেশক সাজ-পাৰ আৰু অলঙ্কাৰপাতি। জাতিৰ সাজ-পাৰ আৰু তাৰ উপকৰণৰ ওপৰত ভৌগোলিক প্ৰভাৱ আৰু ব্যৱহাৰিক প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। তথাপি সাজ-পোছাকৰপৰা বৰ্ণ, শ্রেণী, বিবাহিত, অবিবাহিত, বয়স, লিঙ্গ-এই প্রভেদসমূহৰো সংকেত পায়। পুৰোহিত-ব্রাহ্মণ, মহন্ত-সত্ৰাধিকাৰ, বৈৰাগী-সন্ন্যাসীৰ লগত সাধাৰণৰ সাজ- পাৰৰ আজিও পাৰ্থক্য আছে। বিধৱা-সধৱাৰ অথবা বিবাহিত তিৰোতা আৰু পাট-গাভৰু ছোৱালীৰ সাজপাৰ একে নহয়; ধনী-দুখীয়াৰ প্ৰথম পৰিচয় বেশ- ভূষাতে। সাজ-পাৰে যিদৰে শ্ৰেণী-বিভাজন সূচায়, সেইদৰে ব্যক্তিত্বৰ ওপৰতো সাজ-পাৰে বিশিষ্ট মর্যাদা দিয়ে। এই সাজ-পাৰতেই জাতিৰ শ্লীলতা, আর্থিক অৱস্থা, সৌন্দর্যপ্রিয়তা, শিল্পমন, সুকুমাৰ প্ৰতিভাৰ প্ৰকাশ। ধার্মিক আৰু সামাজিক জীৱনৰ লগতো বস্ত্ৰ-অলঙ্কাৰৰ বিশেষ সম্বন্ধ। পূজা-পাৰ্বৰ্ণত কেৱল পূজাৰীয়েই নহয়, সেৱকেও পাট, নৱবস্ত্ৰ অথবা ধৌত বস্তু পৰিধান কৰিব লাগে। মন্ত্র-সাধনত আৰু কোনো কোনো পূজা-অর্চনাত ৰঙা কাপোৰ পিন্ধাৰ নিয়ম। দুর্গাপূজাত নতুন কাপোৰ পিন্ধাৰ নিৰ্দেশ কালিকা পুৰাণে দিছে। বিবাহত, ঘাইকৈ প্রতিদিনৰ নোৱনিৰ পিছত, দৰা- কন্যা উভয়ে নতুন বস্ত্র পিন্ধিব লাগে। পুৰণি বস্ত্ৰ আ...