অসমীয়া সাজপাৰ
সভ্যতা-সংস্কৃতিৰ অন্যতম নির্দেশক সাজ-পাৰ আৰু অলঙ্কাৰপাতি। জাতিৰ সাজ-পাৰ আৰু তাৰ উপকৰণৰ ওপৰত ভৌগোলিক প্ৰভাৱ আৰু ব্যৱহাৰিক প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। তথাপি সাজ-পোছাকৰপৰা বৰ্ণ, শ্রেণী, বিবাহিত, অবিবাহিত, বয়স, লিঙ্গ-এই প্রভেদসমূহৰো সংকেত পায়। পুৰোহিত-ব্রাহ্মণ, মহন্ত-সত্ৰাধিকাৰ, বৈৰাগী-সন্ন্যাসীৰ লগত সাধাৰণৰ সাজ- পাৰৰ আজিও পাৰ্থক্য আছে। বিধৱা-সধৱাৰ অথবা বিবাহিত তিৰোতা আৰু পাট-গাভৰু ছোৱালীৰ সাজপাৰ একে নহয়; ধনী-দুখীয়াৰ প্ৰথম পৰিচয় বেশ- ভূষাতে। সাজ-পাৰে যিদৰে শ্ৰেণী-বিভাজন সূচায়, সেইদৰে ব্যক্তিত্বৰ ওপৰতো সাজ-পাৰে বিশিষ্ট মর্যাদা দিয়ে। এই সাজ-পাৰতেই জাতিৰ শ্লীলতা, আর্থিক অৱস্থা, সৌন্দর্যপ্রিয়তা, শিল্পমন, সুকুমাৰ প্ৰতিভাৰ প্ৰকাশ।
ধার্মিক আৰু সামাজিক জীৱনৰ লগতো বস্ত্ৰ-অলঙ্কাৰৰ বিশেষ সম্বন্ধ। পূজা-পাৰ্বৰ্ণত কেৱল পূজাৰীয়েই নহয়, সেৱকেও পাট, নৱবস্ত্ৰ অথবা ধৌত বস্তু পৰিধান কৰিব লাগে। মন্ত্র-সাধনত আৰু কোনো কোনো পূজা-অর্চনাত ৰঙা কাপোৰ পিন্ধাৰ নিয়ম। দুর্গাপূজাত নতুন কাপোৰ পিন্ধাৰ নিৰ্দেশ কালিকা পুৰাণে দিছে। বিবাহত, ঘাইকৈ প্রতিদিনৰ নোৱনিৰ পিছত, দৰা- কন্যা উভয়ে নতুন বস্ত্র পিন্ধিব লাগে। পুৰণি বস্ত্ৰ আঁতৰাই নতুন বস্ত্রেৰে মৃতকৰ দেহ ঢকাৰ বিধি শাস্ত্রীয়। গুৰু-গোঁসাই অথবা নামঘৰত সেৱা জনালে কান্ধত চাদৰ বা গামোছা গলবস্ত্ৰ স্বৰূপে লব লাগে।
বস্ত্রদান পুণ্য-কার্য। দুর্গাপুজাত, বহাগ-বিহুত ন-কাপোৰ ব্যৱহাৰ কৰাৰ বাহিৰেও পৰিয়ালবৰ্গ আৰু আত্মীয়-কুটুম্বৰ মাজত বস্ত্ৰৰ আদান- প্রদান চলে। পূৰ্বে ৰাজ-ঘৰলৈ পঠোৱা সন্দেশ-বার্তাৰ লগত বস্তু-অলঙ্কাৰো উপঢৌকন স্বৰূপে পঠোৱা হৈছিল। ভাস্কৰবৰ্মাই হর্ষবর্ধনলৈ পঠোৱা উপঢৌকনৰ ভিতৰত মহামূল্য অলঙ্কাৰ আৰু চিত্ৰ-বিচিত্র পাট-কাপোৰৰ উল্লেখ আছে। আহোম স্বৰ্গদেৱসকলে মোগললৈ পঠোৱা উপহাৰৰ ভিতৰত নানা ধৰণৰ বস্ত্রঅলঙ্কাৰ আছিল।
বিবাহ-মৃত্যু অনুষ্ঠানত আৰু বছেৰেকীয়া কৰ হিচাপে গুৰুঘৰলৈ বস্ত্র আগবঢ়োৱা ৰীতি এতিয়াও প্ৰচলিত। নৱ-বস্ত্ৰ আগ বঢ়াই দৰা-কন্যাই মানী- জনক সেৱা জনোৱা অসমীয়া বিবাহৰ প্রাসঙ্গিক অনুষ্ঠান। বস্ত্রদান যিদৰে সম্মানব কার্য, বিৱস্ত্রীকৰণ সেইদৰে অসম্মান আৰু অপমানজনক। 'নাঙঠ-কৰিম'-এইষাৰ ডাঙৰ গালি। তিৰোতাক পুৰুষৰ আৰু পুৰুষক তিৰোতাৰ কাপোৰ পিন্ধোৱাও অসম্মানৰ কথা। অসমীয়া লোক-বচন আৰু সাহিত্যত সাজপাৰ সম্বন্ধীয় বহু উক্তি আৰু বৰ্ণনা আছে। এইবোৰৰ সংকলন হ'লে অসমীয়া মানুহৰ সাজপাৰ সম্বন্ধীয় প্রাচীন ধৰণ- কৰণৰ বিষয়ে জনা যাব।
পুৰণি অসমীয়া সাজপাৰৰ বিষয়ে এতিয়ালৈকে আমি নিচেই কম বিৱৰণহে পাইছোঁ। এই বিৱৰণ ঘাইকৈ প্ৰাচীন মূর্তি-শিল্পৰ পৰাহে সংগ্ৰহ কৰিব পাৰি। হর্ষচৰিত আৰু কালিকাপুৰাণতো কিছু উল্লেখ আছে। এই বিষয়ে ‘A Cultural History of Assam’- গ্রন্থত আলোচনা কৰা হৈছে। মধ্যযুগৰ অসমীয়া সাহিত্যত, বিশেষকৈ চিত্র-সম্বলিত পুথিসমূহৰ চিত্ৰৰপৰা বজা, বিষয়া, সাধাৰণ প্ৰজা, সন্ন্যাসী, তিৰোতা, নটী আদি বিভিন্ন শ্রেণীৰ মুনিহ-তিৰোতাৰ সাজপাৰ, অলঙ্কাৰ-পাতিৰ আভাস পায়।
ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে ধোতি বা ধুতিয়েই সর্বশ্রেণীৰ অসমীয়া মানুহৰ সকলো যুগতে প্রধান অধোবাস আছিল। এই ধুতি পিন্ধা পদ্ধতিৰ- পৰাই মানুহৰ সামাজিক মর্যাদা নির্ণয় কৰিব পাৰি। খেতিয়ক, গৰখীয়া আদিয়ে নাইৰ তলত (সম্ভৱতঃ নাইৰ সৌন্দৰ্য দর্শাবলৈ; দেওপানীৰ দশম শতিকাৰ বিষ্ণু-মূৰ্তিত নাইৰ তলত খুতি পিন্ধাৰ ৰীতি দেখা গৈছে) আৰু আঁঠুৰ ওপৰত পেলাই খুতি পিন্ধিছিল। কাম-বন কৰোঁতে সুলকি নপৰিবলৈ ধুতিৰ এটা আঁচল ক'কালত টানকৈ মেৰিয়াই বান্ধিছিল; এয়ে কমৰ বন্ধৰ কাম কৰিছিল। দুই কৰঙনৰ মাজেদি সৰকাই নি অন্যটো আগেৰে পোন্ধ মাৰিছিল। পোন্ধ সম্ভৱতঃ পঞ্চগচ্ছম শব্দৰ ৰূপান্তৰ। এই ৰীতিত পিন্ধা ধুতিয়ে আজিকালিৰ হাফপেন্টৰ ৰূপ লৈছিল। সৈনিক আৰু যুঁজাৰুসকলেও এই ভঙ্গিতে (মল্লবেশত) ধুতি পিন্ধিছিল; ধুতিৰ বাহিৰে তেওঁলোকে ক'কালত কমৰ-বন্ধও মাৰিছিল। প্রাচীন সাহিত্যত যোদ্ধাৰ বেশৰ ভিতৰত সন্নাহৰ উল্লেখ আছে। কোনো কোনোৰ মতে সন্নাহ কপাহী কাপোৰেৰে নিৰ্মিত (a coat of quilted cotton) ।
সন্ন্যাসীসকলে কৌপিন পিন্ধিছিল, মুৰত জটা ৰাখিছিল; কেতিয়াবা তিৰোতাৰ নিচিনাকৈ দীঘল বেণীও গাঁথিছিল।
বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে সাধাৰণতে দুই বস্ত্ৰ পৰিধান কৰিছিল। প্রধান হ'ল অধোবাস, অর্থাৎ ধুতি; আঁঠুৰ তললৈ নমাই পিন্ধা ধুতিয়ে কেতিয়াবা ভৰিৰ সৰু গাঁঠি স্পৰ্শ কৰিছিল। এয়ে এতিয়াৰ 'গেৰোৱা লেটাই' ধুতি পিন্ধাৰ ৰীতি। ধুতিৰ একাঁচলেৰে সমুখৰ পিনে দীঘলকৈ থোৰ মাৰিছিল। এই প্রসঙ্গত হর্ষবর্ধনক কুমাৰ ভাস্কৰবৰ্মাই বেতৰ জপাত কুণ্ডলী পকোৱা (অর্থাৎ থুৰিওৱা) কাপোৰ উপহাৰ দিয়া মন কৰিবলগীয়া (কুণ্ডলী পকোৱা ধুতি আৰু চাদৰ ধনী শ্ৰেণীৰ বঙাপীয়ে এতিয়াও ব্যৱহাৰ কৰে)। কেতিয়াবা থোৰ নেমাৰি আগটোৰ সামান্যভাগ সমুখৰ পিনে পূৰণ চিনৰ দৰে গাঁথি বান্ধি থৈছিল। এতিয়াও সাধাৰণ মানুহে এই ভঙ্গিত ধুতি পিন্ধে (পিন্ধন নেতৰ ধড়া কতি বেঢ়ি দুলে-বৰগীত)। সৰু ল'ৰা-ছোৱালীয়ে কেৱল কছানী পিন্ধিছিল।
দ্বিতীয় বস্ত্র হ'ল উত্তৰীয় বা চাদৰ (পিচৌৰা)। চাদৰ লোৱা ৰীতি কেইবা প্ৰকাৰৰো। সাধাৰণতে ডিঙিত পেলাই (কেতিয়াবা কুণ্ডলীকৃত কৰি) দুই বাহুৰ ওপৰেদি সমুখলৈ অনা নিয়ম (উত্তৰভাৰতীয় তিৰোতাই লোৱা দুপট্টাৰ দৰে)। এই প্রথাই শোভা বঢ়ায়; কিন্তু শৰীৰ আচ্ছাদিত নকৰে। কেতিয়াবা সমুখৰ সোঁ আঁচলটো ঘুৰাই বাওঁ কান্ধত থোৱা হয়। শীতকালত অৱশ্যে সমগ্ৰ শৰীৰতে মেৰাই লোৱাৰ নিয়ম; এনে ৰীতিত সমুখেদি সোঁ আঁচল বাওঁ কান্ধত আৰু বাওঁ আঁচল সোঁ কান্ধত থোৱা হয়। কেতিয়াবা আঁচল দুটা সমুখলৈ অনা নহয়; যৎসামান্যভাৱে কান্ধ আৰু ডিঙিত লাগি পিছপিনে ঢৌ খেলি থাকে।
শিৰোবেষ্টন বা মুৰত বন্ধা বা পিছৰ যুগৰ পাগুৰিৰ বিশেষ প্রচলন নাছিল। আহোম-মোগলৰ দিনৰপৰা এই প্ৰথাৰ ব্যাপক প্রচলন বুলি অনুমান কৰিব পাৰি। অৱশ্যে কনৌজৰ মেলত ভাস্কৰবৰ্মাই শিৰোবেষ্টনেবে যোগ দিয়াৰ উল্লেখ আছে; পুৰণি পুথিত অনেক প্ৰকাৰৰ শিৰোবেষ্টনৰ চিত্ৰ আছে। এইবোৰৰ আকৃতি-প্রকৃতি বিশেষ মন কৰিবলগীয়া। বিষয়াসকলৰ বাহিৰে সৈনিকেও মূৰত কাপোৰ বান্ধিছিল। গাৱৰ ডেকাসকলৰ মাজত মুৰত গামোছা মৰা প্ৰথা আজিও আছে। গামোছা মূলতে আছিল অঙ্গবস্ত্র (অঙ্গবস্ত্র> অঙ্গোচ্ছা > গামোছা)। মুছলমান ঐতিহাসিক কাজিমে অসমীয়া সাধাৰণ মানুহৰ সাজপাৰৰ বিষয়ে উপহাস কৰি উল্লেখ কৰিছেঃ
The Assamese tie a cloth round their heads and another upon their loins and throw a sheet round their shoulders; but it is not customary to that country to wear turbans, robes, drawers and shoes.
প্রাচীন সাহিত্যৰপৰা তিৰোতাই একবস্ত্র শাড়ীও পিন্ধিছিল বুলি অনুমান কৰিবৰ থল আছে। অৱশ্যে ধুতি আৰু শাড়ী একে পর্যায়ব পৰিধান। প্রাকৃবৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ সাহিত্যৰ নানা ঠাইত শাড়ীৰ উল্লেখ আছে, (পিন্ধি শাড়ী খোন্টা জালি)। উজনি নামনি দুয়ো অঞ্চলৰ বিয়ানামত কন্যাক সাজ-পাৰ প্রসঙ্গত শাড়ীৰ উল্লেখ পোৱা যায়ঃ
ৰাধাই পিন্ধা শাড়ীখনত দশাৱতাৰ লেখা।
* * *
ষোল্ল হাতৰ শাড়ীখনে মোৰ নিব নাটে।
* * *
কৈন্যাব মাকৰ শাড়ীখনি উপ্তে জালি কটা।
* * *
শাড়ী পিন্ধে শাড়ী পিন্ধে ভাল মানুহৰ জী। ভাল কৰি শাড়ী পিন্ধে চিকাত গাৱত দি।
মেখলা শব্দ সাধাৰণতে কটিবস্ত্র বুজাবলৈ ব্যৱহৃত হৈছিলঃ শিথিল মেখলা খোপা মুখে ঘর্মজল। নাচন্তে শৱদ কৰে নূপুৰ মেখলা। অথবা, শ্যাম কটি পীত ধতি উৱৰে মেখলা। ৰিহা-মেখেলা এই দুই বস্ত্র তিব্বত- বর্মী অর্থাৎ কছাৰী-আহোমৰপৰা অহা বুলি কোনো কোনোৱে ভাবে। কোনো কোনোৱে আকৌ ৰিহা শাৰীৰ ক্ষুদ্র-সংস্কৰণ, আৰু কটিবস্ত্র (মেখলা বা কৰধনি) অধোবাস মেখেলাত পৰিণত হৈছে বুলি অনুমান কৰে। পূর্বে ধুতি, বিহা, চাদৰৰ দৰে মেখেলাও নিসীয়া বস্ত্রহে আছিল। এইখিনিতে লক্ষ্য কৰিব লগীয়া যে মেখেলাৰ দৰে বস্তু অজন্তাৰ নাৰী-চিত্রতো দেখা গৈছে। অজন্তাৰ নাৰীৰ দৰে সাধাৰণ অসমীয়া আৰু জনজাতিৰ তিৰোতাই বুকুত মেথনি মাৰি স্তন ঢাকি আঁঠুৰ ওপৰলৈ পেলাই মেখেলা পিন্ধে। এনে ধৰণে পিন্ধা জনজাতীয় তিৰোতাৰ মেখেলাৰ শেল পথালিয়ে নামাৰি দীঘে দীঘে বোৱা হয়; এই ৰীতি অজন্তা চিত্ৰতো আছে। খাস্তি তিৰোতাৰ কাপোৰ পিন্ধা প্রসঙ্গত Dr. G. S. Ghurye ও এই সাদৃশ্যলৈ আঙুলিয়াই লিখিছেঃ
The principal garment is a piece of dark coloured cloth, the reminds one of at least one mode of wearing which... representation of it in the Ajanta paintings.
উচ্চ শ্ৰেণীৰ তিৰোতাই ভৰিৰ সৰু গাঁঠিলৈকে পেলাই সমুখৰ পিনে দুটামান দীঘল ভাজ ৰখাই মেখেলা পিন্ধে। বুকুৰপৰা ক'কাল-তপিনালৈকে ঘুৰাই ঘূৰাই ৰিহা লয়। ৰিহাই কাঁচলি বা স্তনপট্ৰৰ কাম কৰে, আৰু ৰিহা লোৱাৰ এই ভঙ্গিমাই পিঠি সম্পূর্ণভাৱে আচ্ছাদিত কৰে। পিছ পিনে ৰিহাৰ একাংশই মেখেলাৰ ওপৰত তপিনা টানি ঢাকি ধৰাৰ হেতু বতাহত মেখেলাই ঢৌ খেলিব নোৱাৰে; তদুপৰি এই প্ৰথাই আধুনিক কৰ্চেটৰ দৰে লাহী ক'কাল আৰু তপিনাৰ বৰ্তূল ৰেখা সুস্পষ্ট কৰে (এই দুয়োটা নাৰীৰ সৌন্দর্য ব লক্ষণ বুলি বিবেচিত)। ৰিহাৰ একাঁচল মেখেলাত খুটি সমুখৰ পিনে সামান্যভাৱে ওলোমাই থোৱা হয় (প্রায় ধুতিৰ থোৰৰ দৰে)। ফুল বছা অথবা গাঁৰি দিয়াৰ হেতু ওলমি পৰা এই আঁচলটোৱে আচ্ছাদনৰ শোভা বঢ়ায়। ৰিহাৰ একাংশ কেতিয়াবা ওৰণীৰ দৰেও ব্যৱহৃত হয়। ৰিহাৰ ব্যৱহাৰত শৰীৰৰ ঋজুতা আৰু বিভিন্ন অঙ্গৰ ৰেখাসমূহ ৰমণীয়ভাৱে উদ্ভাসিত হয়। সাধাৰণতে উৎসৱ-অনুষ্ঠানত ৰিহাৰ ওপৰত চাদৰ বা চেলেং লোৱা হয়। সর্ব-অঙ্গ আচ্ছাদনৰ বস্ত্র। নাৰী-দেহৰ কোনো অঙ্গই যাতে লোকদৃষ্টিৰ গোচৰীভূত নহয়, সেই ভাবৰপৰাই অসমীয়া তিৰোতাই চাদৰ-চেলেং ব্যৱহাব কৰে ।পুৰণি সাহিত্যত অৱশ্যে কাঁচলি বা স্তনপট্ট ব্যৱহাৰৰ উল্লেখ আছেঃ নসম্বৰে বস্ত্র কতো কুচৰ কাঁচলি। হালৈ কৃশ কঙ্কাল স্তনৰো বস্ত্র লড়ৈ, ইত্যাদি।
কেশ-বিন্যাসৰ সৌন্দর্য দর্শাবলৈকে নাৰীয়ে শিৰবস্ত্ৰ ব্যৱহাৰ নকৰিছিল। চুলি বান্ধোতে কোনোৱে কেশপট্ট আৰু কাঁকৈ ব্যৱহাৰ কৰিছিল। অসমীয়া তিৰোতাৰ খোপা বন্ধা ৰীতিৰ অলেখ নিদর্শন প্রাচীন ভাস্কর্য আৰু চিত্ৰত দেখা যায়। খোপা ডাঙৰ কৰি দেখুৱাবলৈ আৰু সৌন্দর্য বঢ়াবলৈ খোপাত ফুলৰ মালা আৰু অলঙ্কাৰ-পাতিও পিন্ধা হৈছিল। অসমীয়াৰ খোপা বন্ধা ৰীতিৰ লগত সৰ্বভাৰতীয় প্রাচীন ৰীতিৰ সাদৃশ্য লক্ষ্য কৰিব লগীয়া। খামতিসকলৰ খোপাৰ প্ৰসঙ্গত Dr. G. S. Ghurye- য়ে লিখিছেঃ
Their (Khamtis) manner of dressing their head is the most remarkable, having evident similarities with those represented in the sculptures of Sanci. The hair is twisted into a knot which projects over the forehead and the white muslin turban is so folded round the head as to leave this projected exposed. The manner of doing the hair adopted by their females too is reminis- cent of the sculptures of Mahura, Sanci and Bharhut. Not only do they raise the hair-knot to form the top-knot but also they encircle the roll of hair by embroidered band, the fringed and tasseled ends of which dangle behind.
আহোম যুগৰপৰা অসমীয়া সাজপাৰত বিদেশী প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত। সম্ভৱতঃ সী লোৱা বস্ত্রৰ ব্যাপক প্রচলন এই সময়ৰপৰাই হয়। চোলা (চোলক), এঙ্গা চোলা (আঙ্গিকা), জামা, চৌগা-চাপকান, ঘাগ্রা (সূত্ৰধাৰীৰ বেশ), জোতা-এইবোৰ ঘাইকৈ আহোম-মোগল দিনৰপৰা চলি অহা সাজপাৰ।
বৃটিছৰ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হ'ল। লগে লগে ইউৰোপীয়, মোগল, ভাৰতীয়, এই তিনিও শ্ৰেণীৰ সাজপাৰৰ অদ্ভুত সংমিশ্রণো ঘটিল। যোৱা মহাসমৰত অসমলৈ অহা আমেৰিকাৰ সৈনিকসকলে অভিনৱ পোছাক, আৰু তাক পিন্ধাৰ নতুন ৰীতিও এৰি থৈ গ'ল।
পূজা-পার্বণ, উৎসৱ-অনুষ্ঠানত ধৌত বস্ত্র অর্থাৎ ধোৱা কাপোৰ পিন্ধা নিয়ম। অসমৰ গাৱ'ত ধোবা বুলি সুকীয়া শ্রেণী নাই। ঘৰ-ঘৰোৱাহ সকলোৰে কাপোৰ-কানি তিৰোতায়েই ধোৱে। পূর্বে, এতিয়াও কোনো কোনো অঞ্চলত খাৰণিত সিজাই লৈ কানি-কাপোৰ ধোৱা হয়। মণি-ছালেৰেও কাপৰ ধোৱে; গা-মুৰো ধোৱা হয়। তিৰোতাই সাধাৰণতে মাটি মাহ বটি তাত ঔ-বীজ মিহলাই মুৰ, চুলি ধোৱে।
তথ্য সংগ্ৰহ: অসমৰ লোক-সংস্কৃতি
প্ৰকাশক: শ্রীবিৰিঞ্চি কুমাৰ বৰুৱা
পৃষ্ঠা- ১০৬-১১১
.
ReplyDelete